Show/Hide Keyboard Layout

তোমাৰ মৰমে মোৰ

- নিৰ্মলপ্ৰভা বৰদলৈ

তোমাৰ মৰমে মোৰ

দেহত তুলিলে ঢৌ

বুকুত দিলে যে মৌ

কি যে মিঠা মিঠা

কেনেকৈ কিযে হৈ গ’ল

কলিটি কুসুমে হ’ল

সুৰভী ওপচি গ’ল

কিযে ভাল লগা

তোমাৰ মৰমে মোৰ ...

ফুলে কয় বতাহক লাহেকৈ

এই ... কি কৰিলা ?

বতাহেওঁ সুধিছে ফুলকেই

এই ... কি কৰিলা ?

ফুলে কয় বতাহক লাহেকৈ

এই ... কি কৰিলা ?

বতাহেওঁ সুধিছে ফুলকেই

এই ... কি কৰিলা ?

 

গোপন ফাগুনে যেন

লুকাই হাঁহিছে সৌ

খুলি ... গুপনতা

তোমাৰ মৰমে মোৰ ...

 

জিৰি জিৰ জিৰি জিৰ এধানি

সৌ ... জুৰিটিৰে

নীলাকৈ পানীৰে ভৰি গ’ল

কোন ... ছেগতে যে ।

 

মৰম নদীতে যেন

নিজক উতাই দিম

কিযে ... আকুলতা

কিযে ... মিঠা মিঠা

কিযে ... ভাল লগা

কিযে ... আকুলতা ।।

Hits: 1038